Posts

অʼত গুম তʼত গুম হাতী গুম গুম কৰে ব্ৰহ্মপুত্ৰত জুই লাগিছে কোনে কোৱা-কুই কৰে

Image
 ১/ অগা পিছাকৈ সাতটা ফুটা      অপঁইতা বাঁহৰ চুঙা    সুললিত সুৰেৰে কিহে কৰে বেঙা ? = বাঁহী ২/ অʼত গুম তʼত গুম হাতী গুম গুম কৰে   ব্ৰহ্মপুত্ৰত জুই লাগিছে কোনে কোৱা-কুই কৰে = মেঘৰ গাজনি ৩/ অৰু অৰু অৰু,    সকলোৰে সেইটো একেটাই চৰু ।   = বেলি

অসমীয়া সাঁথৰ অলনিৰ কুকুৰা দলনিত চলে, চুই দিলেই কোন বাৰু জাপ খাই পৰে ?

Image
 ১/ অলনিৰ কুকুৰা দলনিত চলে,     চুই দিলেই কোন বাৰু জাপ খাই পৰে ?  =নিলাজী বন ২/ অলনিৰ চৰাইটো বননিত চৰে    ভৰি দিলেই কিহে বাৰু ঢেং ঢেং কৰে ? = ঢেঁকী ৩/ অ‌ গাঁৱৰ বাতৰি কোৱা,   কি গছৰ পাত বাৰু গোটা ? = পিয়াজ