অʼত গুম তʼত গুম হাতী গুম গুম কৰে ব্ৰহ্মপুত্ৰত জুই লাগিছে কোনে কোৱা-কুই কৰে
১/ অগা পিছাকৈ সাতটা ফুটা
অপঁইতা বাঁহৰ চুঙা
সুললিত সুৰেৰে কিহে কৰে বেঙা ?
= বাঁহী
২/ অʼত গুম তʼত গুম হাতী গুম গুম কৰে
ব্ৰহ্মপুত্ৰত জুই লাগিছে কোনে কোৱা-কুই কৰে
= মেঘৰ গাজনি
৩/ অৰু অৰু অৰু,
সকলোৰে সেইটো একেটাই চৰু ।
= বেলি
Comments
Post a Comment