অʼত গুম তʼত গুম হাতী গুম গুম কৰে ব্ৰহ্মপুত্ৰত জুই লাগিছে কোনে কোৱা-কুই কৰে
১/ অগা পিছাকৈ সাতটা ফুটা অপঁইতা বাঁহৰ চুঙা সুললিত সুৰেৰে কিহে কৰে বেঙা ? = বাঁহী ২/ অʼত গুম তʼত গুম হাতী গুম গুম কৰে ব্ৰহ্মপুত্ৰত জুই লাগিছে কোনে কোৱা-কুই কৰে = মেঘৰ গাজনি ৩/ অৰু অৰু অৰু, সকলোৰে সেইটো একেটাই চৰু । = বেলি